My World

Description




My Links

» Home
» My Profile
» Weblog Archives
» Friends

মই তোমাক সপোনত বাৰু কিয় দেখো?

সকলো সময়তে তোমাৰ কথাকে কিয় বাৰু ভাবি থাকো?

জানো আজিকালি একো কামতে মন নবহে কিয়!

কেৱল যেন তোমাৰ কথাকে ভাবি থাকিম!

তুমিও বাৰু কেতিয়াবা এনে অনুভব কৰানে?

কেতিয়াবা তুমিও মোক সপোনত দেখানে?

তোমাৰ লগত কথা পাতিলেই মই যেন

জীৱনৰ সকলো সুখ অনুভব কৰো!

মই যেন অনবৰতে তোমাৰ লগত কথাকে পাতি থাকিম!

তোমাৰো বাৰু মোৰ লগত কথা পাতি ভাল লাগেনে?

তোমাৰ প্ৰতিছবি মনলৈ আহিলেই

মই বাৰু কিয় সকলো পাহৰি যাওঁ?

মই যেন তোমাতেই হেৰাই যাব বিছাৰো!

তোমাক চাই থাকিলেই মই যেন

মই যেন সকলোকে পাহৰি যাম!

তুমি সছাঁকৈ কোৱাছোন,

মোৰ বাৰু কিয় এনে হয়?

মই বাৰু তোমাৰ প্ৰেমত পৰিছো নেকি?


Posted: 12:40 AM, September 21, 2006
Comments (0) | Link

জীৱনটো যেন একোটা দীঘল অকোৱা পকোৱা পথ!

সেই পথেৰেই মই আগুৱাই গৈ আছো,

অকলশৰে, সংগীবিহীনে|

আৰম্ভনিতে বেয়া লগা নাছিল|

নতুন কিবাকিবি দেখাৰ হেপাহ,

নতুন ঠাই চোৱাৰ হেপাহ,

নতুন কিবাকিবি পোৱাৰ আশা!

কিন্তু এতিয়া দেখোন লাহে লাহে আমনি লাগিছে!

একেই পথ, একেই বাটৰ কাষৰ গছ-গছনি,

সকলো একেই দেখোন!

কোনো নতুনত্ব নাই!

অতিক্ৰম কৰিবলৈও বহুদূৰ আছে|

ক্লান্ত মই হোৱা নাই,

কিন্তু আমনিহে লাগিছে|

অকলে অকলে আৰু কিমানদূৰ আগুৱাই যাম!

তথাপিও গৈ আছো,

যাবতো লাগিবই...........


Posted: 12:40 AM, September 21, 2006
Comments (0) | Link

তুমি আহিবা বুলি মই ৰৈ আছিলো,

কিন্তু ৰৈ ৰৈ দেখোন মোৰ এতিয়া আমনি লাগিছে !

ভাবিছিলো তুমি আহিলে আগুৱাই যাম|

তোমাৰ দেখোন কোনো দেখা-দেখিয়েই নাই!

কিমান সময় হ'ল বাৰু তোমালৈ অপেক্ষা কৰি থকা !

এক প'!

দুই প'!

মাহ!

বছৰ!

যুগ!.........

এনেকৈয়ে সময়বোৰ পাৰ হৈ গৈ আছে,

মই অপেক্ষা কৰি আছো আৰু তুমি অহা নাই|

তুমি নাহিবাই নেকি বাৰু?


Posted: 12:40 AM, September 21, 2006
Comments (0) | Link

মই তোমাক কথা এটা ক'ম বুলি ভাবিছো!

তুমি বাৰু বেয়া পাবা নেকি?

নাই নালাগে থাকক দিয়া,

তুমি বেয়া পাবা |

আচলতে ক'বলৈ বহু কথাই থাকে,

কিন্তু কি জানা

সাহস নহয় |

তুমি চাগৈ ভাবিছা

মই এটা ভিৰু !

কিন্তু আচলতে কথাটো তেনে নহয়,

তেতিয়াহ'লে তুমি সুধিবা চাগৈ

যদি মই ভিৰু নহয়েই তেন্তে সাহস নাই কিয়!

তোমাৰ এই প্ৰশ্নতোৰ কোনো উত্তৰ মোৰ হাতত নাই,

ভয় লাগে যদিহে তুমি মোক বেয়া পাই যোৱা!

সেয়েহে কথাতো নকওঁ দিয়া

এনেকৈয়ে থাকক

দিনবোৰ এনেকৈয়ে সপোনৰ মাজতেই পাৰ হৈ যাওক |


Posted: 12:08 AM, September 20, 2006
Comments (1) | Link

www.oolog.co.nr Send ASSAMESE greetings card to your beloved one

Send Assamese Greetings card to your beloved one in this BIHU season... check out www.oolog.co.nr  dont forget to write a feedback.... in this blog


Posted: 9:16 PM, April 3, 2006
Comments (4) | Link